Relationship between Assamese and Bengali Language
অসমীয়া ভাষা হৈছে পূৰ্বভাৰতীয়-আৰ্য ভাষা৷এই ভাষা প্ৰধানকৈ উত্তৰ-পূব ভাৰতৰ অসমত
কোৱা হয়৷ অসমৰ ৰাজ্যিক ভাষা হ’ল অসমীয়া৷ অসমৰ
বাহিৰেও পূৰ্বোত্তৰৰ অন্য ৰাজ্যসমূহতো অসমীয়া ভাষা ব্যৱহাৰ কৰা দেখা যায়যেনে-অৰুণাচলপ্ৰদেশ, মেঘালয় ,নাগালেণ্ড৷তাৰোপৰি দাঁতিকাষৰীয়া ভূটান, বাংলাদেশ আৰু ম্যানমাৰৰ দৰে দেশতো অসমীয়া ভাষা ব্যৱহৃত হয়৷ নাগালেণ্ডত অসমীয়া মিশ্ৰিত নাগামীজ ভাষা কোৱা হয়৷অসমীয়া ভাষাৰ এক সমৃদ্ধ
সাহিত্য আৰু সংস্কৃতি আছে৷ গোটেই বিশ্বজুৰি কমেও তিনি কোটি মানুহে এই ভাষা ব্যৱ্হাৰ কৰে৷
বাংলা ভাষাও এটা সমৃদ্ধ ভাষা৷ 1836
চনৰ পৰা 1882 চনলৈ অসমৰ ৰাজ্যিক ভাষা বাংলা আছিল৷ বৰ্তমান বাংলাভাষা পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশৰ মুখ্য ভাষা৷ বিশ্বতপ্ৰায় 20 কোটি মানুহে এই ভাষা
ব্যৱ্হাৰ কৰে৷ বিশ্বৰ কথিত ভাষাসমূহৰ ভিতৰত ইয়াৰ স্থান পঞ্চম৷ ভাৰতত ইয়াৰ স্থান
দ্বিতীয়৷
ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ য’ত বিভিন্ন ভাষা, বিভিন্ন জাতি আৰু বিভিন্ন ধৰ্মৰ লোক বাস
কৰে৷ এই ভাষাবোৰ বিভিন্ন ভাষা-গোষ্ঠীৰ অন্তৰ্গত৷ ভাৰতত
পাঁচ প্ৰকাৰৰ ভাষা-গোষ্ঠী আছে সেইবোৰ হ’ল আৰ্য্য, দ্ৰাবিড় অষ্ট্ৰ-এছিয়াটিক আৰু চীন-তিব্বতীয়
ভাষা গোষ্ঠী৷ আৰ্য্য ভাষা ভাৰতত প্ৰচলিত
সকলোতকৈ ডাঙৰ ভাষা গোষ্ঠী৷ এই ভাষাৰ অন্তৰ্গত ভাষাবোৰ হ’ল-হিন্দী, অসমীয়া, বাংলা, মাৰাঠী, গুজৰাটি, পাঞ্জাৱী, উড়িয়া, উৰ্দু, নেপালী আদি৷ দ্বিতীয়তে, দ্ৰাবিড় ভাষাগোষ্ঠী৷ এই ভাষা বিশেষকৈ দক্ষিণ
ভাৰতত ব্যৱ্হাৰ কৰা হয়৷ইয়াৰ অন্তৰ্গত ভাষাবোৰ হ’ল-তামিল, তেলেগু, মালায়ালম, কানাড়া আদি৷
সিংহলী, কুৰমালি, চাৱৰা আদি অষ্ট্ৰ-এছিয়াটিক ভাষাগোষ্ঠীৰ অন্তৰ্গত৷ মূখ্যৰূপে এই ভাষা ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম-বংগআৰু অসমৰ কোনো কোনো স্থানত ব্যৱহাৰ কৰা হয়৷চীন-তিব্বতীয়
ভাষাগোষ্ঠীৰ অন্তৰ্গত ভাষাবোৰ হ’ল- নগা, মিজো, মণিপুৰি, খাছী, দফলা, তাংগখূল, আও আদি৷ এই ভাষা বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য
সমূহত কোৱা হয়৷ভাৰতত চীন-তিব্বতীয় ভাষা গোষ্ঠীয়েই সকলোতকৈ
সৰু ভাষা গোষ্ঠী৷ইয়াৰোপৰি ভাৰতত ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰো প্ৰচলন আছিল৷
বৰ্তমান ভাৰতত প্ৰচলিত ভাষাসমূহৰ ভিতৰত কেৱল অসমীয়া ভাষাতহে এই ভাষাগোষ্ঠীৰ অনূদান
দেখা যায়৷
উপৰোক্ত
চৰ্চাৰ পৰা দেখা যায় যে অসমীয়া আৰু বাংলা এই
দুয়োটা একে ভাষা গোষ্ঠীৰ সদস্য৷
গতিকে এই দুয়োটা ভাষাৰ মাজত বহুতো মিল আছে৷ এই দুয়োটা ভাষা সংস্কৃত ভাষাৰ পৰা সমান্তৰালভাৱে
উত্পত্তি
হৈছে৷ এই দুয়োটা ভাষাৰ বৰ্ণসংখ্যা প্ৰায় সমান৷ এই দুয়োটা ভাষাৰ বৰ্ণবোৰ দেখাতো প্ৰায়
একে৷ কেৱ্ল অসমীয়া ভাষাৰ বৰ্ণ ‘ৰ’ বাংলা
ভাষাত বেলেগ ধৰণে লিখা হয়৷ ইয়াৰ উপৰিও অসমীয়া ভাষাৰ ‘ৱ'বাংলাত
নাই৷ এই দুয়োটা
ভাষা সংস্কৃতৰ পৰা উত্পত্তি
হ’লেও
ইয়াৰ শব্দসমূহৰ অৰ্থ সম্পূৰ্ণ বেলেগ হয়৷ উদাহৰণস্বৰূপে অসমীয়া
শব্দ যেনে-জুইআৰু পানী৷ বাংলাত এই
দুটা শব্দৰ অৰ্থ হ’ল-আগুন আৰু জল৷ অসমীয়া আৰু বাংলা
ভাষাৰ ব্যাকৰণতো ব্যতিক্ৰম দেখা যায়৷তাৰোপৰি
অসমীয়া ভাষাত নকাৰাত্মকবোধৰ বাবে বিভিন্ন ধাতুৰ প্ৰয়োগ কৰা হয়৷কিন্তু
বাংলা ভাষাত
নকাৰাত্মক কোনো ধাতুৰ প্ৰয়োগ নহয়৷
অসমীয়া ভাষাত নিশ্চিয়তা বুজাবলৈ টো, জন, জনী, ডাল, খন,
জোপা আদি প্ৰত্যয় প্ৰয়োগ
কৰা হয় কিন্তু বাংলা ভাষাত
ইয়াৰ কোনো সমতুল্য প্ৰত্যয় পোৱা
নাযায়৷ অসমীয়া ভাষাৰ উচ্চাৰণ বাংলা ভাষাতকৈ ভিন্ন
হয়৷ অসমীয়া ভাষাৰ
স্বৰবৰ্ণৰ উচ্চাৰণ বাংলা ভাষাৰ উচ্চাৰণতকৈ ভিন্ন
হয়৷
অসমীয়া
আৰু বাংলা দুয়োটা
ভাষাৰেই বৃহত্ সাহিত্য
ভাণ্ডাৰ আছে৷ আজি আমি অনুবাদৰ মাধ্যমেৰে এই
দুয়োটা ভাষাৰ সাহিত্যক জানিব পাৰিছো৷ সেয়েহে অনুবাদক
আমি সেতু আখ্যা দিব পাৰো৷
অসমৰ
সাহিত্য-সংস্কৃতিত মিশ্ৰিত ভাৱধাৰা দেখা যায়৷
ইয়াৰ প্ৰভাৱ ভাষাৰ ক্ষেত্ৰতো দেখা যায়৷
অসমীয়া ভাষাত বাংলা ভাষাৰ
শব্দ আৰু বাংলা ভাষাত
অসমীয়া ভাষাৰ বিভিন্ন শব্দৰ প্ৰয়োগ দেখা যায়৷ ইয়াৰ
কাৰণ হৈছে এই দুয়োটা একে ভাষাগোষ্ঠীৰ অংগ৷
শেষত, বিভিন্ন
ভাষাৰ মাজত যিমানেই পাৰ্থক্য নাথাকক কিয় ভাষাৰ উদ্দেশ্য হ’ল
শুদ্ধভাৱে আৰু
সহজভাৱে কৰা
সম্ভাষণ৷ অসমীয়া আৰু বাংলা
দুয়োটা ভাষায়েই সহজ আৰু সৰল যাৰ কাৰণে ইয়াক সহজে বুজিব পাৰি৷ তাৰোপৰি এই দুয়োটা
ভাষা একেবাৰে নিকট সম্পৰ্কীয় ভাষা৷ নিজৰ-নিজৰ
স্থানত অসমীয়া আৰু বাংলা দুয়োটা ভাষাই বিশেষ আসন
দখল কৰিছে৷
বৰ্তমান
সোম্যা ট্ৰান্সলেটৰ প্ৰাইভেট লিমিটেডত(দিল্লী)কোম্পানীত অসমীয়া ভাষাৰ পৰিযোজনা সমন্বয়ক
ৰূপে কাৰ্য্যৰত। অসমীয়া ভাষাত অনুবাদ,
লেখন,
সম্পাদন,
সমীক্ষা আদি কাৰ্য্য কৰে।